সমললৈ যাওক

পৃষ্ঠা:মেঘনাদ সাহা.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কেতবোৰ ক'লা ক’লা ৰেখা (Fraunhofer Lines) দেখা যায়। বৰ্ণালীৰ বিভিন্ন ৰেখাৰ অৱস্থান আৰু গাঢ়ত্ব পৰ্যবেক্ষণ কৰি সূৰ্য্যৰ, অথবা আন কোনো নক্ষত্ৰৰ, উষ্ণতা আৰু গঠন সম্পৰ্কে এটা ধাৰণা কৰিব পাৰি। বিভিন্ন নক্ষত্ৰৰ বৰ্ণালী তুলনা কৰিলে, এইবোৰ ৰেখাৰ অৱস্থা আৰু গাঢ়ত্বৰ কিছু পার্থক্য দেখা যায়। বিজ্ঞানী মেঘনাদ সাহাই বৰ্ণালীৰ বিভিন্ন ৰেখাৰ অৱস্থান আৰু গাঢ়ত্বৰ লগত উষ্ণতাৰ কি সম্পর্ক আছে তাক নিৰ্ধাৰণ কৰে। তেওঁৰ এই পদ্ধতি অনুযায়ী আজিলৈকে প্ৰায় আঢ়ৈ লাখ নক্ষত্ৰৰ বৰ্ণালী পৰীক্ষা কৰি সেইবোৰৰ উষ্ণতা আৰু উপাদান সম্বন্ধে সঠিক ধাৰণা কৰা আৰু সেইবোৰৰ শ্রেণীবিভাগ কৰা সম্ভৱ হৈছে।

 ইয়াৰ পিছত সাহাই কেইবাখনো সাৰগৰ্ভ গৱেষণাপত্র প্রকাশ কৰে, যি কেইখনে তেওঁৰ নাম বিশ্ববিশ্রুত কৰি তোলে, লগতে তেওঁ লাভ কৰে বিশ্বজুৰি প্রশংসা। অধ্যাপক সাহাৰ বৈজ্ঞানিক মানসিকতা ইমানেই সামঞ্জস্যপূর্ণ আছিল যে তেওঁ কেৱল সমীকৰণ আৱিষ্কাৰ কৰিয়েই ক্ষান্ত হোৱা নাছিল। সূৰ্য্যৰ অভ্যন্তৰত কেলছিয়াম, ষ্ট্ৰনছিয়াম, বেৰিয়াম, হাইড্ৰ'জেন, হিলিয়াম আদি বিভিন্ন মৌলৰ আয়নমাত্ৰা তেওঁ অংক কৰি নিৰ্ণয় কৰিছিল, আৰু পাছত গৱেষণাগাৰত নিজ হাতে সেইবোৰ জুখি তত্ত্বৰ লগত মিলাই চাইছিল। অসাধাৰণ মেধা আৰু অধ্যৱসায়ৰ অপৰূপ সমন্বয়ত এনেদৰেই ঢাকাৰ অখ্যাত গাঁৱৰ সন্তান মেঘনাদে ১৯২০ চনত সমগ্র বিশ্বৰে পদাৰ্থবিদৰ লগত সমআসনত নিজৰ স্থান স্থিৰ কৰি ললে। সেই সময়ত তেওঁৰ বয়স মাত্র ২৭ বছৰ।