পৃষ্ঠা:মেঘনাদ সাহা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যাৰ সহায়ত বিভিন্ন উষ্ণতা আৰু চাপত কোনো পদাৰ্থত আয়নৰ মাত্ৰা কিমান হ'ব, অর্থাৎ, সেইবোৰ পদাৰ্থৰ পৰমাণুবোৰৰ শতকৰা কিমান ভাগ আয়নিত হ'ব, তাক সহজেই গণনা কৰিব পৰা যায়। এই সূত্র অনুযায়ী যি সমীকৰণ পোৱা গ'ল, বিজ্ঞানী মহলত সেইটো 'সাহা সমীকৰণ' নামেৰে সুপ্রসিদ্ধ। সাহা সমীকৰণৰ সহায়ত সূৰ্য্য আৰু অন্যান্য বহু নক্ষত্ৰৰ আৱহমণ্ডলৰ পৰা যি পোহৰ ৰশ্মি আহি পৃথিৱী পায়হি, সেইবোৰৰ বৰ্ণালী বিশ্লেষণ কৰি সূৰ্য্য আৰু অন্যান্য নক্ষত্ৰৰ উষ্ণতা আৰু উপাদান সম্পৰ্কে বহু তথ্য সংগ্ৰহ কৰা সম্ভৱ হ'ল। ইয়াৰ পৰাই জনা গ'ল যে অধিকাংশ ক্ষেত্রতেই নক্ষত্ৰবোৰৰ উপাদানৰ বিশেষ তাৰতম্য নাই। কেৱল তাপমাত্রাৰ প্ৰভাৱত বৰ্ণালী বিভিন্ন ধৰণৰ হয়।

 অধ্যাপক সাহাই গৱেষণাগাৰত নির্ণিত আয়নন বিভৱৰ সহায়ত কেলছিয়াম আয়নৰ বৰ্ণালীৰ পৰা সূৰ্য্যৰ বহিঃস্তৰৰ তাপ নিৰ্ধাৰণ কৰে। জ্যোতির্বিজ্ঞানত এইটো এটা প্ৰধান আবিষ্কাৰ। ‘তাপ আৰু চাপৰ প্ৰভাৱত বিভিন্ন আয়ন সূৰ্য্যৰ পৰিমণ্ডলত কিদৰে সিঁচৰতি হৈ থাকে, বৰ্ণালীৰ সহায়ত তাক জানিব পৰা যায়',-- অধ্যাপক সাহাই এই কথাৰ প্ৰমাণ কৰে। তেওঁ উদ্ধাৰ কৰা তথ্যৰ পৰাই জানিব পৰা গ'ল যে সৌৰমণ্ডলত থকা ৰুবিডিয়াম (Rb), চিজিয়াম (Cs) আদি মূল পদার্থসমূহ প্রায় আয়নিক অৱস্থাত থাকে। সৌৰ কলংকৰ উষ্ণতা সূর্যতকৈ কম। গতিকে সৌৰ কলংকৰ বৰ্ণালী অলপ বেলেগ ধৰণৰ হয়।

 মেঘনাদ সাহাই প্রমাণ কৰে যে, নক্ষত্ৰবোৰৰ অভ্যন্তৰত যি উচ্চ চাপ আছে, তাত মূল পৰমাণুবোৰ আয়নিত হৈ ৰয়। সেইবোৰ বৰ্ণালীত যিবোৰ মৌলৰ উজ্জ্বল ৰেখা পোৱা নাযায়, তাৰ কাৰণ হ'ল নক্ষত্ৰৰ বৰ্ণালীৰ মূল পৰমাণুৰ ৰেখা থকা সম্ভৱ নহয়; আয়নিত পৰমাণুতহে সেই ৰেখা পোৱা য়ায়। অসাধাৰণ গাণিতিক প্রতিভাৰে সাহাই সেইবোৰৰ স্থান নিৰ্ধাৰণ কৰে আৰু পৰবৰ্তীকালত পর্যবেক্ষকসকলে বর্ণালী বিশ্লেষণ কৰি সেইবোৰক যথাস্থানত চিহ্নিত কৰে।

 বৰ্ণালী-বীক্ষণ যন্ত্ৰৰ সহায়ত নক্ষত্ৰৰ পোহৰ ৰশ্মিৰ বৰ্ণ বিশ্লেষণ কৰিলে, নক্ষত্ৰৰ উপৰিভাগৰ উষ্ণতা সম্পৰ্কে এটা ধাৰণা কৰা যায়। সূৰ্য্যৰ পৰা যি বৰ্ণালী পোৱা যায়, সেয়া অবিচ্ছিন্ন নহয়। কাৰণ, সূৰ্য্যৰ চাৰিওফালে যি বাষ্পীয় আৱৰণ আছে, তাৰ মাজেদি সূৰ্য্যৰ পোহৰ আহিবৰ সময়ত, কেতবোৰ বিশেষ পোহৰ-তৰংগ শোষিত হয়। সেয়েহে অবিচ্ছন্ন সৌৰবৰ্ণালীৰ মাজে মাজে