পৃষ্ঠা:মূৰলী.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
--মূৰলী--
 

যি কালত পূৰ্ব্বদ্বাৰ কৰি উদ্ঘাটিত,
তৰুণ তপনে ধৰে গতি ধীৰে ধীৰে,
সেন্দূৰীয়া ৰহনেৰে হই সুসজ্জিত
নানা সাজে মেঘমালা ক্ৰমে লগ ধৰে।

দূৰত কৃষকে আহি সুহুৰি বজাই
মনৰ আনন্দ চহে খেতিৰ মাটিক,
গোপবালাবোৰে গায় নাম জাত জাত,
গৰখীয়াই লেখ কৰে পালৰ গৰুক
চৰিব দিবৰ আগে গছৰ তলত।
কল্পনা ৰথত উঠি এনেকই মই
ভাবি থাকোতেই নানা হঠাৎ চকুত
নতুন আনন্দ ঢউ খেলাব ধৰিলে
যিমান দূৰলৈ মোৰ চকু যাব পাৰে:—
হৰিত তৃণৰ ক্ষেত্ৰ শুকান প্ৰান্তৰ,
তৃণলোভী জীৱবোৰে ৰঙ্গে ভ্ৰমে যত;
উলঙ্গ পৰ্ব্বতবোৰ যাৰ বুকে আহি
লৰি ফুৰা মেঘবোৰে জিৰণি লভেহি,

৪৮