পৃষ্ঠা:মূলা-গাভৰু.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৩ ] আসাম বুৰঞ্জীত মূলা গাভৰুৰ বাহিৰেও অনেক বিখ্যাত তিৰী পুৰুষ আছে, যাৰ আদৰ্শ আসামত কিয় গোটেই জগতৰ আগত আমি গপাই যহাব পাৰোঁ। আন দেশৰ বুৰঞ্জীত যেনে হৰ্ষ আৰু বিষাদ ভৰা ঘটনা আছে। ব-বিগ্ৰহ আৰু সম্পদ শান্তিব কথা আছে, ৰাজ-নীতি আৰু সমাজ নীতিৰ ব্যৱস্থা আছে. ৰাজ্য-স্থাপন আৰু ৰাজ-ভগনৰ কাহিনী আছে, আসাম বুৰঞ্জীতও তাৰ অভাৱ নাই। কিন্তু ঘৰৰ বস্তুৰ লগত আমাৰ বাহি নাহে। তাক পৰ যেন ভাবি আমি ঘিণ কৰোঁ। যি কথা শুনালে আমাৰ জনসাধাৰণে বেগাই বুজে, যি বস্তু আগত ধৰিলে সতকাই চিনে, যি ভাঙ আগত মেলিলে সহজে জাতীয় ভাব অন্তত জলে, যি আদৰ্শ উপমা দেখুৱালে স্বজাতি স্বদেশলৈ প্ৰেম ভক্তি জন্মে, যাব যশ কীৰ্ত্তন কৰিলে আমাৰ অতীতৰ গৌৰৱলৈ মনত পৰি হৃদয়ত উলাহ জন্মে, সেই বোৰলৈ পাচ দি আমি চপাই ধৰে। বিদেশৰ বিদেশী ভাষাত লিখা কথা বোৰ— যাৰ ভাব, মৰ্ম্ম আৰু গুণ আমাৰ মানুহে সহজে বুজিৱ আৰু লব নোৱাৰে। নিজৰ কল্পনাশক্তি, চিন্তা-শক্তি, ৰচনা-শক্তি বঢ়াবলৈ চেষ্টা নকৰি আমি কৰে। লোকে লোকৰ ভাষাত লিখা উপন্যাস নাটকবোৰ তৰ্জ্জমা। এই দৰে “বিদেশী” বস্তু আদৰ কৰ৷ একে বাৰে বেয়া বুলি নকওঁ। আৱ্যক মতে “বিদেশী” বস্তু নকল আৰু ব্যৱহাৰ কৰি আমাৰ ভঁৰাল