পৃষ্ঠা:মূলা-গাভৰু.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২ ] পতি-ভক্তি, আন্তৰিক স্বদেশ-সেৱা প্ৰভৃতি গুণ বিলাক এই নাটকত যে উপযুক্ত মতে জলাব পৰা হৈছে এনে বিশ্বাস নহয়। মোৰ স্বনাম খ্যাত ভৰ্তিজ৷ শ্ৰীমান হিতেশ্বৰ বড় বড়ুয়াই লিখা “মূল৷ গভি” উপয়াস পঢ়িলেহে এই অদ্বিতীয় বীৰ নাৰীৰ সৱিশেষ পৰিচয় পোৱা যাব। আজি-কালি আমাৰ দেশৰ সকলো মানুহৰে থিয়েটাৰ চাবলৈ বা কৰিবলৈ বৰ আগ্ৰহ দেখা গৈছে। আৰু এনে আগ্ৰহ দিনে দিনে বাঢ়িব লাগিছে। কিন্তু নাটক নহলে থিয়েটাৰ নহয়। বেজাৰৰ কথা যে সেই পৰিমাণে ‘অসমীয়া নাটকৰ যোগান হোৱা নাই। সকলোয়ে জানে যে থিয়েটাৰ ভাওনাত পট পাত্ৰ দেখুৱাই কোনো বিষয়ে জনসাধাৰণক শিক্ষা দিলে যিমান শীঘ্ৰে আৰু সহজে উদ্দেশ্য সাধন হয়, সভা সমিতি বক্তৃতা দ্বাৰা শিক্ষাৰ পৰা সিমান সোনকালে ফল নধৰে। এই সুযোগতে যদি আমাৰ সাহিত্যৰথী সকলে উপযুক্ত নাটক লিখিবলৈ ধৰে তেন্তে “জাতিত্ব ৰক্ষা কৰা,” “জাতীয় জীৱন গঢ়া,” “জাতীয় সমাজ সংস্কাৰ কৰা,” প্ৰভৃতি যি যি আন্দোলন চলিছে সেই ৱিণক সিদ্ধি হবলৈ এটা ভাল উপায়। ওলায়। তালৈকে লাগে। আমাৰ নিজ দেশৰ বুৰঞ্জী-মূলক, নিজ সাজুৰ ৰীতিনীতি বিষয়ক নাটক। এনে নাটক সজুলিও জোখাৰে আছে। লিখিবলৈ আমায় নিজ দেশ।