পৃষ্ঠা:মূলা-গাভৰু.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 8 ] কৰি আপোনা সকলে এটা বিকৃতি কঠুৱা ভাষা সৃষ্টি কৰিবলৈ ধৰিছে। ঢু। নই বুজিছোঁ! তুমি এই বোৰ কথাকৈ আচল কথাটোহে পাহৰাইছা। মই কিন্তু যিটো কথাৰ নিমিত্তে খাটিছে৷ তাৰ একো খোলাচ৷ উত্তৰ নেপালোঁ। জ। আচল কথা ঠিক কৰি আপোনাক কাতৰৰে জনাইছে। —মই তাত গান্তি হব নোৱাৰোঁ। সেই বাবে মোক ক্ষম৷ কৰিব। চু। (মনে মনে) ইমান কাকুতি মিনতি কৰিলে। তাতো মান্তি নহল। বাৰু চাওঁচে৷ ৰঙ্গেৰে বলাব নোৱাৰি যদি খঙ্গেৰে পাৰোনে কি। ( জয়ন্তীলৈ চাই থঙ্গেৰে ) জানা জয়ন্তী! তুমি কোন! কোন তোমাৰ গৰাকী! জ। (খঙ্গেবে ) ভালকৈ জানো, মই কোন! আপুনি যেনে এক ৰজাৰ কোঁৱৰ, মই ও তেনে এক ৰজাৰ জীয়াৰী! কিন্তু মোৰ কপাল ফুটা। সৰুতে ঘাট মাউৰী হলো। লোকৰ আশ্ৰয়ত ডাঙ্গৰ দীঘল হলে॥ যাকে আই যোপাই যেন ভাবি আপোন বুলি ছিলো, সেয়ে পাচত দলিয়াই পেলালে। আমাৰ ৰজ৷ আহোম ৰজাৰ লগত ৰণত হাৰি সন্ধি কৰিলে। বহু দণ্ড ভৰি স্বদেশৰ স্বাধীনতা ৰক্ষা কৰিলে। আৰু আগলৈ মিত্ৰ ভাব ৰাখিবৰ কাৰণে এই দুৰ্ভাগিনীক আহোম ৰজা—আপোনাৰ