পৃষ্ঠা:মূলা-গাভৰু.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 40 ] তোমালৈ মোৰ বৰ প্ৰণয় বেথা জন্মিছে—তুমিও মোক মৰম সাদৰ কৰিব লাগে— মোক বিয়া কৰাবলৈ মান্তি হব লাগে। জ। এৰ!, এতিয়াহে বুজিছোঁ! এই চাৰি আষাৰ কথা। তাকে পোনাই নকৈ জাল জৰি লগোৱ৷ কিছুমান বুজিব নোৱৰা কথ৷ কৈ মোক বাটত আগচি ধৰি আছে। প্ৰথমে মই ভাবি- ছিলোঁ যে কিবা কাৰণত আপুনি আপোনঘাটি হব খুজিছিল! চু। নহয় আইদেও! মোৰ হৃদয়ৰ ভাব বোৰ তুমি ভালকৈ নাই বুজ৷ যেন দেখিহে মই ইমান বাহুল্য কৰি কৈছিলোঁ। জ। আপুনি অকাই পকাই নগৈ পোন বাটে যোৱা হলে কেতিয়াবাই কথাৰ লেঠা ছিগিল হেঁতেন। বাৰ্ত্তেটি কাল চলি থকা এটা ঘৰুৱা কথা—খোজা বঢ়া, অনা নিয়া। তাকে কবলৈ গৈ এটা অভিধানৰ আদখিনি শব্দৰ শৰ.ধ কৰিলে! নকই নোৱাৰে। ফটা মুখ; কলেও লাগে ভকতৰ দোষ। পুৰুষ জাতি বৰ লুভীয়া। লোকৰ বস্তুলৈ বৰ হেপাহ। নতুন বস্তু এটা দেখিলেই চকু পৰে। বাদ বিচাৰ একো নাই। বাহিৰে ৰংচং—দেখিবলৈ ভাল। ভাল দেখিলেই গাল মাৰিব থোজে! অসমীয়া কেনে এটা নিৰ্ম্মল সুৱলা উজু নিভাঁজ ভাষা! তাকে ভালকৈ নিজ সাজেৰে সজাই নলৈ, তাত বাৰে থাইৰ বাৰে ভাষাৰ বাৰে পাচি নুশুন| নুবুজা শব্দ সানমিহলি