পৃষ্ঠা:মূলা-গাভৰু.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৪২ ] পিতৃদেৱলৈ ভেটাদি পঠালে। স্বদেশৰ মঙ্গলৰ অৰ্থে, জন্ম ভূমিৰ স্বাধীনতা আৰু শান্তি ৰক্ষ| কৰিবৰ কাৰণে, মই ও তাত কোনো আপত্তি নকৰি, মান মৰ্য্যাদ৷ এৰি, কুটুম বঙ্গহলৈ পাচদি, নিজ দেশৰ সুখ ভোগ, বিষয় সম্পত্তি ত্যাগ কবি, বিপদক সম্পদ ভাবি, কুমীয়া বয়সতে এই নজন নুশুনা দেশলৈ আহিলোঁ। চু। একো বেয়৷ কৰা নাই। বিপদ নহয় তোমাৰ সম্পদৰ বাট মুকলি হৈছে। তোমাৰ ফুটা কপাল ফুলিবলৈ ধৰিছে। তোমাৰ আগলৈ ভাল বেয়া তোমাৰ হাতৰ মুঠিত। মোৰ কথা শুনা। মোক বিয়া কৰাবলৈ মান্তি হোৱা, তোমাৰ সম্পদ হব। অমাত্তি হলে বিপদ ঘটিব! জ। মই অবলা। মোবহৈ বাজোতে কোনো নাই। আপোনাৰ ঘৰত মই পোহানীয়া পহু। আঠুৱা তলব মহ। এতিয়াই মাৰি খাব পাৰে। মোহাৰি পেলাব পাৰে। মোক পোহপাল দিছে। সেই নিমিত্তে মই বাৰেওটি কাল ধৰুৱা আমি। যিহকে কৰিবলৈ কয় তাকে কৰিবলৈ—যিহকে থোজে তাকে দিবলৈ—মই মান্তি আছে॥ কিন্তু—(কান্দিবলৈ ধৰে ) চু। কিন্তু! ইমানতো কিন্তু! কিন্তু কি? জ। কিন্তু আপোনাক বিয়া কৰিবলৈ মই মান্তি নোৱাৰোঁ। ক্ষমা কৰক। (চাপবি ভবিত ধৰিবলৈ যায় )