পৃষ্ঠা:মূলা-গাভৰু.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৩৯ } দেখোন মোক মিছাকৈ বদনামখন দিছে! আপোনাৰ হৈছে কি? চু। হৈছে কি! দেহিঐ! তুমি বুজিও নুবুজ। ভাৱ ধৰিছা। মোৰ মনৰ কথ৷ আকৌ ভাঙ্গি পাতি কওঁ শুনা। তোমাৰ এই অপূৰ্ব্ব হেম জ্যোতি পূৰ্ণ নব অলঙ্কৃত প্ৰশান্ত মূৰ্ত্তিৰ শোভা মোৰ নয়নত পৰিলে—তোমাৰ অমৃত পূৰ্ণ সুললিত ধ্বনি মোৰ কানত প্ৰবেশ কৰিলে মোৰ প্ৰাণ গলিত হৈ আনন্দ উৎসৱত মগ্ন হয়, চিত্ত চঞ্চল হয় আৰু অন্তৰত এনে ভাবব জন্ম হয় যেন এটা মৰ্ম্মভেদী আবেগ আহি মোৰ হৃদয়ৰ তন্ত্ৰী সমস্তত এটা প্ৰবল প্ৰেমময় প্ৰবাহ উৎপন্ন কৰে। আৰু সেই প্ৰেমময় প্ৰবাহে যেন তোমাৰ অভিনব মোহিনী ৰূপক আবৰি ধৰে গৈ। জ। ত্ৰাহি মাধৱ! গোহাই দেও! আমাৰ নিচিনা মানুহে এনে ভাষা বুজা বৰ টান। ই সংস্কৃত নে, বঙ্গলা নে পাৰ্চি ভাষা! আপুনি মন্ত্ৰ গাইছেনে আশীৰ্ব্বাদ কৰিছে! নাই মোক মস্কৰা কৰিছে! যি ক’ব গুঙ্গিছে চুম্বককৈ উজু ভাষাত কলে জানো নহয়। চু। মোৰ অন্তৰত অতি গভীৰ ভাবৰ উৎপত্তি হৈছে দেখিহে গভীৰ ভাষাৰে তাক প্ৰকাশ কৰিছোঁ। তাত কিবা দোষ হৈছে যদি ক্ষম৷ কৰিবা। তেন্তে চুম্বক কৈ কওঁ শুনা