পৃষ্ঠা:মূলা-গাভৰু.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৮] জ। হৰি! হবি! গোহাঁইদেও! কিয় মিছাতে মোক এনে বদনাম দিছে! মই শপত খাই কৈছোঁ। জ্ঞান বিশ্বাসত মই কেতিয়াও এনে কাম কৰা নই যি আপোনাক বুলিয়া কৰিব! চু৷ আইদেও! তুমি মোৰ হৃদয়ৰ ভাব একনিকে বুজিব পৰা নাই। জ। জানোতে—নাই বুজা হবলা। নই তো সৰবজান নহওঁ। চু। দিনে ৰাতিয়ে তোমাক দেখিবৰ মন যায়। দেখিলে আকৌ চাই থাকিবৰ মন যায়। যিমান চাই আকো সিমান তোমাৰ ৰূপহী শোভা বাঢ়ি যায়। তোমাৰ এই মনমোহ৷ ৰূপ মোৰ মানত স্বৰ্গৰ অপেস্বৰাত কৈও অধিক সুন্দৰ! জ। স্বৰ্গৰ অপেম্বৰ| নে| কেনে কুৱা, কত দেখিবলৈ পায়! দুজনী মান ধৰি আনি মোক দেখুৱাব নোৱাৰেনে। মই বৰ সন্তোষ পাম। চু। ইতিকিং নকৰিা। তোমাৰ ভৰিত ধৰিছোঁ। মোক নৈৰাশ নকৰিবা। মোৰ কথা বিলাক ভালকৈ ভাবি চাই মোৰ প্ৰতি সদয় হোৱা। নহলে মোৰ জীৱন বৃথ। হব - তোমাৰ কাৰণে মই প্ৰাণ ত্যাগ কৰিম। জ। কোনেনো আপোনাক মৰিবলৈ কৈছে! আকৌ