পৃষ্ঠা:মূলা-গাভৰু.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

5. Bone 83 [ 09 ] জ। আনকাল আপুনি মোক জয়ন্তী বুলি মাতে। তুই বুলি কথা কয়। আজি দেখোন — সমন্ধটে। এখাপ ওখকৈ, সুৰটো এখাপ তলকৈ ধৰিছে। অতি ভক্তি—ভালব লক্ষণ নহয়। চু। হায় বিধি! কিনে৷ ভাগ্য মোৰ! ধ্যান আৰম্ভ নৌ হওঁতেই পালে৷ জানিবা—চোৰৰ নাম! জ। মোৰ মুখত কিবা বেয়া কথা ওলাল যদি ক্ষমা কৰিব। বাৰু কি ক’ব খুজিছে কওক। মই শুনি যাম। খালি শুনি গলেই নহব। মোৰ কথা শুনিব লাগিব; ভাৰি চাব লাগিব; আৰু মানব লাগিব। তেহে মই সন্তোষ পাম। চু। জ। শুনিব লাগিব, ভাবিব লাগিব — মানিব লাগিব! গোহাঁইদেও! এটাই কেওখন ভাব একে বাৰে লোৱা মোৰ নিমিত্তে বৰ টান হব। চু। আজি কিছু দিনৰ পৰা মোৰ হৃদয়ত যি একুৰা জুই জলিছে তাক মই কথাৰে প্ৰকাশ কৰিব নোৱাৰোঁ! জ। যদি প্ৰকাশ কৰিব নোৱাৰে সোপা দি পেটতে থৈ দিয়ক। আপোনাৰে শপত মই একনিও বেয়ানে পাওঁ। চু। তুমি মোক কি কৰিলা কব নোৱাৰোঁ। কিন্তু মই হলে তোমাৰ নিমিত্তে একেবাৰে বলিয়াৰ নিচিনা হলো।