পৃষ্ঠা:মূলা-গাভৰু.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰথম অঙ্ক। পঞ্চম পট। আলিবাট। ( চুক্লেং প্ৰবেশ।) চু৷ মোক দেখিলো নেদেখা ভাৱ জোৰে। মই ওচৰ চাপিলে আঁতৰি যায়। কথা সুধিলে জেঙ্গেৰা মাৰি উত্তৰ দিয়ে। মৰমৰ কথা কলে— উচাট, মাবি গুচি যায়। মইনো ইমান অপাত্ৰ হলোঁনে! আজি বাইদেওৰ ঘৰলৈ গৈছে। উলটি আহিবৰ সময় হৈছে। মই বাটতে থাপ দি থাকো। সিদিনা ওচৰত মানুহ থকা বাবে বেচি কখা কব নোৱাৰিলোঁ। আজি সেওহৈ, মনখুলি হৃদয়ৰ কথাবোৰ কওচোঁ। তাইৰ নো হিয়াখন শিলেবে বন্ধোৱানে! দেখে৷ আজি কোমলাব পাৰোঁনে নোৱাৰোঁ। ( এনেতে জয়ন্তী আগতে ওলালহি ) জ! অ’! গোহাঁইদেও দেখোন! কলৈ যায়? চু। তোমালৈকে বাটচাই আছোঁহি, আইদেও! বহু কথা ক’ব লগীয়া আছে। সুযোগ নোপোৱাত কব পৰা নাই। ৰূপা কৰি যদি শুনা মই পৰম সুখ পাম।