পৃষ্ঠা:মূলা-গাভৰু.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৩ ] তু। আসাম দেশ আৰু তাৰ মানুহৰ মোৰ কিছু কথা জানিবৰ দৰ্কাৰ হৈছে। সেইবাবে আপোনাক মতাই আনিছোঁ। বোধ হয় আপুনি তাত বিৰক্তি পোৱা নাই। গু। আশক্তি বিৰক্তি একো নাই। বেপাৰী মানুহ। দৰ-দাম বেচা-কিন৷ কৰি ফুৰা মোৰ বৃত্তি। 'যত দুপইচা লাভৰ আগন্তুক তালৈ আহিবলৈ বিৰক্তি কি আছে! তু৷ কোনো চিন্তা নাই। কাম চাই দাম দিয়া যাব। গু। (হাঁহি হাঁহি ) সেইটো আপনাৰ মেহেৰবাণি। শুনিছোঁ মুলুক খন বৰ সুন্দৰ। তু। গু। সুন্দব আৰু কি। চাৰিওফালে পৰ্ব্বত। তাৰ মাজত জঙ্গল। আসামত আহি জানিবা দেখিলোঁহি পৰ্ব্বত, হাতী আৰু চাহগছ! তু। থোৱা জিনিচ পত্ৰ পোৱা যায় তো? গু। বৰ সুবিধা নহয়। দাইল, চাউল, মাছ, মঙ্গহ পোৱা যায়। কিন্তু জঙ্গলী দেশ! পটল পোৱা নেযায়। কাগজি লেবু পোৱা নেযায়। আৰু পাবলৈ নাই চাঁচি পান। এই সব জিনিচ, নহলে কি সভ্য মানুহৰ তৃপ্তি হয়! তু। আচ্ছা! ভট্টাচাৰ্য্য মহাশয়, মানুহ সব কিবকম? গু। একেবাৰে অসভ্য! চীন, জাপান আৰু মান দেশৰ