পৃষ্ঠা:মূলা-গাভৰু.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৩২ ] অ। বহুৎ আচ্ছা জোনাব। (তুৰ্ব্বক আৰু অমব দুইও দুফালে ওলাই যায়। অলপ পিচত গুচৰণৰ প্ৰবেশ) গু। (ইকালে সিফালে চাই) মছলমানৰ অত্যাচাৰত বঙ্গদেশ এবি জঙ্খলী আসাম দেশ” পালোঁহি। ইয়াতো আকৌ সেয়ে আহি পালেহি। অমৰখাৰ পৰা বুজিব পাৰিছে৷ এই বাৰ কিন্তু অত্যাচাৰৰ ভাব নাই। বৰ সদাচাৰৰ হে ভাব। বুজিছোঁ। আসাম দেশ আক্ৰমণ কৰিবলৈ আহিছে। তাঁৰে কিছু ভিতৰি কথা মোৰ গা লবলৈ মোক মতাই অনাইছে! তাত কোনো আপত্তি নাই। মই বেপাৰী মানুহ। উচিত দাম পালে বিহকে লাগে বেচিবলৈ প্ৰস্তত আছোঁ। ( এনেতে তুব্বৰ প্ৰবেশে। গুচবৰ্ণ দীঘল চেলাম দিয়ে। ) তু! আপুনিয়েই গুৰুচৰণ ভট্টাচাৰ্য্য নে কি! গু। হয় খোদাওন্দ,! তু। অকলে অকলে নো কি কথা পাতিছে? গু। আৰু কি কথা পাতিম! অপোনাৰেই যশ কীৰ্ত্তিৰ কথা কৈছোঁ। আন একো কোৱা নাই। তু। আপুনি বঙ্গদেশ এৰি আসামত বহু দিন আছেহি। ইয়াত কি কৰিছেহি! গু। বেহা বেপাৰ কৰিছোঁহি।