পৃষ্ঠা:মূলা-গাভৰু.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৩ ] নবাবৰ হুকুম। কুছ পৰৱা নাই! জান যাব! তথাপি নবাবৰ হুকুম বহিল থাকিব লাগিব। আসাম দেশ দখল কৰিবই লাগিব। কি বোলা খাঁ চাহাৰ! আৰু কি, জোনাব! আন উপায় তো আগুৱালেও বিপদ! পিচুৱালেও বিপদ! অ। বুলিম আৰু নেদেখোঁ! খোদাৰ যি মৰ্জি! তু। আহোম সেনাৰ বল, ৰণ-কৌশল কি ৰকম তাৰ ওৱাকিপ আগেয়ে লোৱাৰ আৱক। খাঁ চাহাব। তাৰ এটা ফিকিব লগাব পাৰেনে! অ। ফিকিব ফন্দীৰ আৱশ্যক নাই। এটা ভাল উপায় আছে। — গুৰুচৰণ ভট্টাচাৰ্য্য নামে গৌৰ দেশৰ বেপাৰী এজনৰ লগত মোৰ কালি দেখা হৈছিল। তেওঁ আসমিত বহুকাল আছেহি। তেওঁৰ পৰা বহু কথা জানিব পৰা হব। তু। তেওঁ এতিয়া ক’ত আছে! অ। শৌৱা নৈৰকাষৰ দোকানতে আছে। তু৷ খোদাৰ কি মৰ্জি। যাকে বিচাৰিছিলোঁ, তাকে পাইছোঁ। এই দেশত বহু দিন অকা বিদেশী মানুহৰ পৰা ভিতৰুৱ| কথা উলিয়াই নললে অসমীয়াৰ পৰা পোৱা নেযাব। তেওঁক মোৰ ওচৰলৈ পঠাই দিয়াগৈ। ইয়াতে মোলৈ ৰই থাকিবলৈ কৈ পঠাবা। মই নমাজ পঢ়ি আহোঁগৈ।