পৃষ্ঠা:মূলা-গাভৰু.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৩ ] দোলাৰ পৰা বাজহৈ ৰজাক বন্দী কৰি কমতাপুৰ দখল কৰিলে। এই হৈছে আপনাৰ কমতাপুৰ যুদ্ধ! বুজিলেনে জোনাব ই কি ৰকম যুদ্ধ! তু। বুজিলোঁ। ই অতি তাজ্যপ্ ব্যাপাৰ! কিন্তু একে৷ লাজ বা কলঙ্কৰ কথা নহয়। যুদ্ধত জয় লাভ কৰিবলৈ হলে খালি এটা বাটে চলিলে নহয়! তাত বহু হিকমত লাগে। ছল, বল, কৌশল, বুদ্ধি, ফন্দী সকলোৰে আবশ্তক। তবে - তোমাৰ কথাৰ পৰ৷ বুজা যায় যে এই দেশৰ মানুহবোৰ আমি বেনে অসভ্য, অশিক্ষিত আৰু ভয়াতুৰ বুলি ভাবিছিলে। তেনে নহয়। ইহঁতৰ ভিতৰতে৷ সাহিয়াল, যুঁজাৰু মানুহ আছে। অ। তাৰ কোনো সন্দেহ নাই। কমতাপুৰৰ সেনাই কেৱল মোছলমানৰ লগতেই যুদ্ধ কৰা নাছিল। আসাম দেশব সেনাৰ লগতে৷ অনেক বাৰ যুদ্ধ কৰি বল কৌশলৰ প্ৰমান দিছিল—যদিও এবাৰ ও জয় লাভ কৰিব পৰা নাছিল। তু৷ কি! বাৰ বছৰ যুদ্ধ কৰি যি কমতাপুৰ সেনাক যবনে দমন কৰিব নোৱাৰিছিল, সেই কমতাপুৰৰ সেনা আহোম সেনাৰ আগত পৰাজয় হৈছিল! অ। কেৱল যুদ্ধত পৰাজয় নহয়! আসামৰ তলতীয়৷ হৈও কমতাপুৰ বহুকাল আছিল। । খোদাতাল্লা! এনে আসাম দেশ আক্ৰমণ কৰিবলৈ