পৃষ্ঠা:মূলা-গাভৰু.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২৯ ] তু। ( হাঁহি হাঁহি ) তেনেহলে নবাবে মুপুকখন চুৰ কৰি ললেহিনে কি! তোমাৰ কথা মই চমজিব পৰা নাই। অ। কেনেকৈ চমজিব! সেই যুদ্ধত তো আপুনি নাছিল৷ সি এক অপূৰ্ব্ব কাহিনী। তু। কথাটো তুমি যিমান সজাই পড়াই ডাঙ্গৰ কৰিছা শুনিবলৈ মোৰ ইচ্ছাটোও সিমান ভাঙ্গৰ হৈ গৈছে। অ। ঠাট্টা নকৰিব। আপুনি যি ঠাওৰাইছে সি বৰ মিছা নহয়। এক ৰকম চুৰ কৰাই 'হৈছিল বটে। কোনো মতে যুদ্ধ জিকিব নোৱাৰি নবাবৰ সেনাপতি হতাশ হৈ এটা ফন্দী বাহিৰ কৰিলে। তাক চুম্বক কৈ কওঁ শুনক।— সেনাপতিয়ে কমতাপুৰ ৰজালৈ এটা মিছা খবৰ দিলে যে জয়লাভ কৰিব নোৱাৰি নবাবৰ সেনাপতি আৰু সেনা সব গৌৰ দেশলৈ ফিৰি যোৱাৰ ঠিক হল। কিন্তু যোৱাৰ পূৰ্ব্বে তেওঁলোকৰ তিৰোত৷ বিলাকে ৰাণীৰ লগত চিনা জনা হব। খোঁজে। হোজা কমতা ৰজাই যবনৰ ফাঁকি বুজিব নোৱাৰি সেই কথাত মান্তি হল আৰু মছলমান তিৰোতা সকলক ৰাণীৰ ওচৰলৈ আহিবলৈ আজ্ঞা দিলে। পাচে বহু মছলমান সেন। আঁৰ দিয়া দোলা কিছুমানত উঠি লুকাই গৈ নগৰত সোমাল গৈ! দোলাৰ ভিতৰত মাইকী মানুহ আছিল ভাবি বজাই কোনো বাধা নিদিলে। নগৰৰ ভিতৰ সোমাই সেনা বিলাকে