পৃষ্ঠা:মূলা-গাভৰু.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰথম অঙ্ক। চতুৰ্থ পট। কমতাপুৰ। (নগৰত থিয়হৈ-তৰ্ব্বক আকি অমব ৰ্থ।।) তু। খাঁ চাহাব! তুমি যে কৈছিলা এইয়ে কি সেই কমতাপুৰ? অ। হয় জোনাব। এইযে সেই কমতাপুৰ্ব—যি দেশ দখল কৰিবলৈ গৌৰ নবাবৰ সেনাই ক্ৰমাগত বাৰ বছৰ যুদ্ধ কৰে; হাজাৰ হাজাৰ যবন সেনাৰ জান যায়। তু। কি কৈছাঁ, অমব খাঁ! এই ক্ষুদ্ৰ মুলুক দখল কৰিবলৈ বাৰবছৰ লাগিছিল! ইমান সেনা হানি হৈছিল! অ। তত্ৰাচ জয় লাভ নহল। তু। জয় লাভ নহল! বোধহয় তোমাৰ বুজা ভুল। অলবৎ জয় লাভ হৈছিল। নহলে কি ৰকমে এই দেশ দিল্লী বাদচাহাৰ ৰাজ্যত চামিল হল। আৰু নবাবৰ শাসনৰ অধীন লৈ আহিল। অ। তাৰ বৃত্তান্ত মই ভালকৈ জানো। কিন্তু সেই কথা ভাঙ্গি কবলৈ চৰম লাগে।