পৃষ্ঠা:মূলা-গাভৰু.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 20 ] জ। যোৱা দেৱ হে! চুপতি কৰি নে থাকিবা। মূ। বেয়া নেপাবি আইহে! হুঁ কৰোতেই হুমুনিয়াৰ বাতৰি পাইছোঁ। বাৰু সেইবোৰ কথা এৰিলোঁ। আজি কালি নাম গাবলৈ এখিলিনে কি? জ। নাই এবা। মূ। বাৰু এটা গাচেঁ৷। জ। এনেই নেগাও। এধাৰ দিলেহে গাম। মূ। এখন মঙ্গল চাবৰ নিমিত্তে মলা দুধাৰ গাঁথিছিলোঁ। এধাৰ বগা, এধাৰ বঙ্গা। বাৰু, ভাল হৈছে। ল বাৰু কোন ধাৰ মনত লাগিছে। তোমাৰ হাতৰ মলা দুধাৰৰ জ। বঙ্গা ধাৰকে দিয়া! (মল) হাতত লয়) কিহৰ নো মঙ্গল চাব খুজিছি লা? কোৱাঁ চেঁ। মঙ্গলত কি পালা। মূ। (হাহি ছাৰ্হি ) সেই ধাৰ চুক্লেং কোৱঁৰৰ কনীয়াৰ মলা। (মলা দলি মাবি) এঃ! তোমাৰ সদায় চুক্লেং কোৱঁৰৰ হে কথা! সেই দেখিতো তোমাৰ ওচৰলৈ নাহেঁ৷। জ। মূ। চুক্লেং কোৱঁৰৰ নাম শুনিলে নো তই টিকচি-বিকচি উঠ কিয়! তেওঁ হৈছে ৰজাৰ বৰ পুতেক। আজিৰ বাজে কাইলৈ ৰাজ পাটত উঠিব। তেনে মামুহলৈ পাৰিলেনে৷ কি বেয়া আছে।