পৃষ্ঠা:মূলা-গাভৰু.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 24 ] জ। নেলাগে আমাক ৰাজপাটখন। মু। জ। মই গম পাইছো, তোৰ ধাউতি কোন ফাললৈ গৈছে। তোমালোকৰ আৰু আন কথা নাই। দেশৰ উন্নতি কৰিবলৈ, সমাজৰ কুনীতিবোৰ খেদাবলৈ হলে উপায় চিত্তব নেজানা। খালি জানা বিঘ্ন৷ সবাহৰ কথা, দৰা কনীয়াৰ কথা, কেৰুমমি ৰিহা মেখেলাৰ কথা! বনবাৰি নাই কিয়৷ বহিখোৱ। মাইকী হলেই এনে কুৱা হয়। সেইগুণেহে কেতবোৰ মতাই বৈনীয়েক হতক ঘৰৰ ভিতৰতে ৰাখি আন কথা ভাবিবলৈ নিদি, নেবাপেৰাকৈ বনত লগাই থয়। মূ। বিয়াৰ কথা ক'লে তই বেয়া পাৱনে কি? জ। দেও। মূ। জ। জানো। আমি সেই বোৰ কথাৰ ভাগী নহওঁ বাৰু দেখিম কাকনো কোনে বিয়া কৰে। মই ও দেখিস কাকনো কোনে বিয়া কৰে। মূ। তই দেখোন বৰ সুন্দৰ বক্তৃতা দিবলৈ শিকিলি অ’। ৰজাৰ ঘৰত মেল বহিলে তই সোধ সোধ নে কি? জ। নাই সোধা জানিবা সুধিলোৱেই, কিবা দায় লাগিবনে কি? খালি মতাই হে সোধ সুধিব পায়, মাইকীয়ে সুধিলে পৰাচিত লাগিবনে কি! মূ। কিয় লাগিব! সিঅতি ভাল কথা। লিখা পড়া