পৃষ্ঠা:মূলা-গাভৰু.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ১৮ ] লি। হে মোৰ স্বৰ্গ দেও! খঙ্গ নকৰিব। যি লাগে মই এতিয়াই কৰি দিওঁগৈ। মোক বনত নেমেলিব। চু। তই ততালিকে আছ। মানুহ এজোৰাক মই লগ ধৰিব লাগিছে। তই মোৰ লগত যাব লাগিব। ( চুক্লেং ওলাই যায় ) লি। দেখিলা বৰা! কি মূৰ্ত্তি! দেখিবা, এওঁ আৰু অলপ দিনতে বলিয়া হব। ব। কিয়! কি নো হৈছে! লি। বাজ কাৰ্য্যত মন নাই। বাব বঙ্কিৰা পুথি গোটাই লৈছে। তাকে দিনে বাতিয়ে পড়ে। কিবা হেনে| তন্ত্ৰ, মন্ত্ৰ শিকিছে। তাতে আকৌ আজি কিছুদিনৰ পৰা জয়ন্তী আইদেওৰ লগত চুপতা-চুপতি কৰিবলৈ ধৰিছে। আইদেৱে কিবা খুৱ৷ লেনেই কি! কোঁৱৰৰ গাত দেখোন পৰ যুগুতি নাইকিয়া হল। মনৰ ঠিক নাই। কামৰ ঠিক নাই। হুকুমৰ উপৰি হুকুম। গালিৰ উপৰি কিল। ব। কোন জয়ন্তী আইদেৱৰ কথা কৈছা? আমি দেখোন তেওঁৰ নামকে শুনা নাই। লি। কিয়! তুমি পাহৰিলা! তাহানি বণত হাৰি ভিমা পুৰীয়া ৰজাই যে আমাৰ স্বৰ্গ দেৱলৈ ৰাজকন্যা এটি ভেঁটা দি পঠাইছিল!