পৃষ্ঠা:মূলা-গাভৰু.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৬ ] পাচে ৰাজ-কোঁৱৰ বুলি পৰিচয় পাই আমাৰ স্বৰ্গদেৱে ৰাখি থলে। ব। কুঁৱৰীৰ গাত লেঠা থকা কোনোবাই দেখিছিল জানে? লি। দেখিব লাগিছে কেলেই। কোঁৱৰৰ নিজ মুখৰ- পৰাই শুনিছে৷ নহয়। ব। কুঁৱৰী সগৰ্ভা থকা কোঁৱৰে দেখিছিল জানো? লি। এঃ। বালক! বৰা! কিব। তুমি উকিলৰ দৰে মিছামিছি চৱাল বোৰ ধৰিছাঁ হে। পেটৰ ভিতৰত থকা লৰাটোৱে জানো দেখিব পাৰে ব৷ তেন্তে কোঁৱৰে দেখা নাই। শুনিছিল হে। লি। খালি কোঁৱৰৰ পৰাই নহয়; নগা ৰজাৰ পৰাও শুনা হৈছে। তাকে শুনি সকলোৱে ঠিক কৰিছে যে লৰাটো সঁচাকৈ ৰজাৰ ফালৰ। এতিয়া বুজিলা। ব। মই বুজিছে৷ যে তোমাৰ গোটেইখন ৰামায়ণ খালি শুনা কথাৰ ভঁৰাল। . দেখা সাক্ষীৰ প্ৰমাণ একো নাই। লি। থৈ দিয়া তোমাৰ আইনখন! ইঃ! দেখা কথাহে প্ৰমাণ। শুনা কথা প্ৰমাণেই নহয়। আজি কালি দেশৰ মানে উকিল, হাকিমখন হল। এটাইবোৰে গোট খাই আইনথন উলিয়াইছে –শুনা কথা প্ৰমাণ নহয়! হায় মোৰ