পৃষ্ঠা:মূলা-গাভৰু.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[১৫ লি। হয় যে হয়! ভাল কথাটো মনত পেলাই দিলা! তোমাক কবলৈকে পাহৰিছোঁ। তুমি ভু পোৱা নাই? ব। নাই পোৱা। কি কথা নো? লি। ই! সি এখন ৰামায়ণৰ কথা! কিনো কম বান্ধ ঐ! এবা! এইখনহে কপাল! বিধাতাই যিটো খোঁচ মাৰি পঠিয়াই তাক কোনে মোহাৰি পেলাব পাৰে! কোন খন কপালৰ কথা কৈছা! তোমাৰ খন নে, মোৰ খন। - লি। নহয় বাপেক! সেইখন কপাল তুমি আমি সাধি অহা হলে দেখোন একে জাপেই বৰ বৰুৱা বৰ ফুকনৰ খাগলৈ উঠিলে। হেঁতেন। মই কৈছোঁ— সেই নগা লৰাটোৰ কথা। আছিল নগা পৰ্বতৰ। একে জাপেই হলহি ৰজাৰ কোঁৱৰ! ব। যোৱা দেও হে! এনেবোৰ কথা মোৰ আগত । ইঃ! ৰজাৰ কোঁৱৰ বুলিলেই, ৰজাৰ কোঁৱৰ হল! কোনে কলে তোমাক! লি। এ! নহয় বান্ধ! তুমি মিছা যেন ভাবিছা নে কি? কথা গোটেই সোপা ৰজাৰ ঘৰতে শুনি আহিছোঁ। ৰজাই খেদাই দিওতে হেনো কুঁৱৰীৰ গাত লেঠা আছিল। পাচে নগাৰ চাঙত হেনো লৰা এটি জন্ম হল। লৰাটি নগাৰ চাঙতে ডাঙৰ দীঘল হৈ ভৈয়ামত বেহাবলৈ আহিছিল।