পৃষ্ঠা:মূলা-গাভৰু.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 8 ] লি। থোৱা দেও হে! ঘৈণীয়েৰৰ ভয়তে সদায় কোঁচ খাই ফুৰা! গিৰিয়েক ঘৈণীয়েকৰ ভিতৰত খৰিয়াল। সিওনো এটা ধৰিব লগা কথা নে। ‘দম্পতী’কলহে চৈব বহুবাৰম্ভে লঘু ক্ৰিয়া। খন্তেকৰ জুই খন্তেকতে নুমাই যায়, পুৰি মাৰিব নোৱাৰে দেও, ভয় নকৰিবা। ব। নহয় বান্ধ! তুমি কথাটে৷ ভালকৈ তং কৰি চোৱা নাই। নগল জানিবা কেনেবাকৈ এফালে গুচিয়ে গল! তেন্তে মোৰ ফালে দেখোন একে বাৰে পতং! লি। ঠিক, ঠিক! হয়, হয়! অভ্যন্তৰৰ মৰ্মটে৷ নই এতিয়া হে ঢুকি তোমাৰ কথাষাৰৰ পাইছোঁগৈ! ভালেহে বুধিয়ক মানুহে বাপেকে কেইবা জনীও বিয়া কৰাই নয়! ব। তাৰ দৃষ্টান্ত দেখোন আমাৰ ৰজা ঘৰতে! ওপৰৰ জন৷ স্বৰ্গদেৱে কি কৰিছিল জন৷ নাই? তেখেতৰ দুজনা কুৱঁৰী আছিল বুজিছা। এদিন হেনে| এজনাই বেহ৷ কৰিবলৈ অহা নগা এটাক দেখি বৰ শুৱনি বুলি ৰজাক কলে। সেইষাৰ কথাই জানিবা হল সীতাৰ বনবাসৰ মূল! ৰজাই ঘৰৰ পৰা বাজ কৰি সেই ৰগাটোকে কুৱঁৰীক শোধাই দিলে। বান্ধ! ধৰ্মতে কোৱাচো বাৰু খালি এজনা কুৱ ৰী থকা হলে, ৰজাই ইমানটো সাহ কৰিব পাৰিলেহেতেন নে!