পৃষ্ঠা:মূলা-গাভৰু.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰথম অঙ্ক। দ্বিতীয় পট। বাৰ ঘৰ। ববা চেতালত থিয়। ( লিগিবাৰ প্ৰবেশ। ) লি৷ বৰাৰ দেখোন আজি মনটো মৰ৷! ঘৰত কিবা আহুকাল নে কি! ব। এঃ কিনো সোধা দেও। বোলে বাৰটা মাহৰ তেৰটা জগৰ, সদায় হুগুছে এটা লগৰ। লৰাহ তৰ মাক কালি জকাই বাই আহি ঢেঁকী-শালতে চিট খাই পৰিলহি। তেলপানী এটোপা জাৰি মুৰত দিলত হে উঠি বহিবকে পাৰিছে। কিহবাই পালেই নে কি! নাই কোনোবাই কিবা কৰিলেই, একে৷ তত ধৰিব পৰা নাই। লি। আই ঐ দেহি! তুমিয়ে বা কিবা কৰিছিল৷ -চাকৈ কোৱাচে৷ বান্ধ কিবা—দন্দ-খৰিয়াল লাগিছিল বা। ব। কেলেই কোৱা এনে কথা বান্ধ! নামত কবলৈ আছে একে জনী তিৰোত্তা। তাইৰ লগত খৰিয়াল কৰি মোক জীয়৷ জুইত পৰি মৰিব দিছানে? সিদিনা দন্দ, এখন কৰি যি পোটোক পালে৷ এতিয়ালৈকে মোৰ বুকুখন ধপ ধপাই আছে। তাৰেপৰা মই ভয়ত সেও হৈ ফুঢ় দেও।