পৃষ্ঠা:মূলা-গাভৰু.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ১ ] নঃ ৰঃ। থাকা বাছা! যাওঁগৈ এতিয়া। ( স্বৰ্গনীবায়ালৈ চাই) লইছোঁ বিদায় স্বৰ্গদেও! ( নগ৷ বজা ওলাই যায় ) স্বঃ। অচিনাকি হৈ নগাৰ লগত আছিল লুকাই এই সুন্দৰ বলিক— মোৰ নিজ বংশৰ সুযোগ্য সন্তান। সম্পদলৈ কপালে আনিছে টানি। দেখাত তাৰ গাত আছে সুলক্ষণ নিশ্চয় সাধিব সময়ত উপকাৰ। শুনা সবে। এই কোৱ বৰ নাম ৰাখিলে। কনচেং আজি ধৰি। ৰাজ-নীতি-বিদ্যা-শিক্ষা ভাৰ থাকিব সম্প্ৰতি মন্ত্ৰীৰ হাতত। আজি মোৰ আনন্দৰ দিন। কৰা সবে আনন্দ উৎসৱ। ( স্বঃ নাঃ ওলাই যায় )