পৃষ্ঠা:মূলা-গাভৰু.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ + ] উপজিল এই লৰা যথা সময়ত। জানে৷ আমি সকলোৱে। নাহিক সন্দেহ। নঃ লঃ। শোক-ভৰা বুক্ত সাবটি নোক ধৰি, গছৰ তলত বহি পৰ্বতৰ মাজত, সাক্ষী কৰি চন্দ্ৰ সূৰ্য্য, মোৰ মূৰ ধৰি, শপত খাই কৈছিল অভাগিনী আই— —এফেৰিও দোয নাছিল তেওঁৰ বুলি। স্বঃ। - বুজিলে৷ সকলো কথা মই। জানে সবে সতিন৷-সতিনীৰ কথা। একতকৈ বেচি তিৰী কৰিলে বিবাহ পুৰুষৰ সদ্‌গুণ হয় সৰ্বনাশ। দুই নাৱঁত দুভৰি, মনত অথিৰ, নোৱাৰে কৰিব কোনো বিচাৰ উচিত। কুমন্ত্ৰণা জালত পৰি এজনীৰ ভুঞ্জায় ইজনীক মিছাত যাতনা। সদায় দন্দ, খৰিয়াল ঘৰত জঞ্জাল নেপায় কৰিব ভোগ সুখৰ সংসাৰ। ভুগিলে ফল মাহীয়ে এনে কুপ্ৰথাৰ। অনাহক পালে দুঃখ পিতৃৰ দোষত।