পৃষ্ঠা:মূলা-গাভৰু.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বঃ। [ 9 ] খোৱা পিন্ধা কথা হল নগৰি ধৰণ। সেই দুৰ্ভগীয়া লৰা আজি আহি উপস্থিত আপনাৰ আগত— —নিৰাশ্ৰয়, অশিক্ষিত পিতৃ মাতৃ হীন। আচৰিত অতি! সঁচা নে ই কথা! আছে৷ নে দিঠকত মই, কিম্বা দেখিছোঁ স্বপন, শুনিছে। অদ্ভূত সাধু কথা! জানো মই— জানে সবে চমুৱা ৰাণীৰ কথা। স্বভাৱত কিবা চোভা মানি, পিতৃ-দেৱে খেদাই দিলে তেওঁক নগাৰ লগত। কিন্তু কোনে ভাবিছিল, আছিল তেওঁ তেতিয়া সগৰ্ভা! দিব জন্ম এই শুৱনি পুৰুষ! চম্‌কিছে যাৰ দুচকুৰ তেজ বীৰ ভাৱ কথাষাৰে পতি। নঃ ৰঃ। কৰিছিল কুঁৱৰী ঘৰত মোৰ বাস। ৰাখিছিলোঁ কৰি অতি মান সৎকাৰ।