পৃষ্ঠা:মূলা-গাভৰু.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বঃ। [ 5 ] কাৰ্য্যত কলিজা ডাঙ্গৰ। দেখাত ৰূপহ অতি; চলন গম্ভীৰ। বোধ হয় ৰাজ-তেজ আছে তাৰ গাত। তেন্তে যি ভাবিছিলে। নহয়! দেখো আগে নিজৰ চকুৰে। শুনি লওঁ কি কয় নগাঁ ৰজা। স্বঃ। ( নগা ৰজা আৰু নগা লৰা লগত লৈ লিগিৰাব প্ৰবেশ, নগা ৰজা আৰু নগ। লৰা আঠু লৈ দণ্ডবৎ কৰে ) লিঃ। ঐ হাজি! ঐ লৰা হাজি! ভৈয়ামত বেহাবলৈ আহি দুষ্টামি কৰাৰ বেচ, তোৰ পিঠিত চমটা উঠিব আজি! মনে মনে থাক তই! কেনে আছা ৰজা? আছেনে চাঙত ভাল সকলো তোমাৰ? নঃ বঃ। সকলো মঙ্গল আছে। তযু ৰূপা গুণে নাহিকে বিঘিনি কোনো। শোধালে। কৰ-পঁচা ভঁৰালীৰ হাতত। পালে অনুমতি যাওঁ উলটি চাঙত। যোৱাৰ আগেয়ে, ব’বা সোধে। এটি কথা। নেভাৰিব|; ঠিক ক’বা আমাৰ আগত