পৃষ্ঠা:মূলা-গাভৰু.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 8 ] লিঃ। সি কম লৰা নহয়, স্বৰ্গদেও! ৰজাৰ বাহঁত টোকটোকোৱা তাকেহে দেখিলোঁ! হাট বজাৰলৈ যোৱা লৰা-ছোৱালীবোৰক টানি আজুৰি, হাতৰ বস্তু বাহানি কাঢ়ি লৈ তেনেই নগুব শাস্তি কৰে! হকা-বধা কৰিলে যিহে আকৌ মতা মহৰ দৰে ফেৰ পাতি ধৰে! ভৈয়ামলৈ আহি দেখোন নপতা ফুকনটো হয়হি! যা বাৰু। মাতি আন নগা ৰজা। লৰাটোকে৷ আনিবি লগত। 58 1 ( লিগিব| ওলাই যায়) বহুদিন শুনিছোঁ, বহুতৰ মুখে আচৰিত এই বালকৰ কথা। গুপুত কাহিনী তাৰ আছে কিবা ঠিক! ভাঙিব লাগিব আজি মনৰ সন্দেহ। পোৱা নে সম্ভেদ কিবা, ডাঙৰীয়া তুমি? এবাৰ দেখিছোঁ মাথোন তাক। বিতোপন কায়৷ তাৰ। গঢ় গতি দেখি নোৱাৰি বুলিব তাক পৰ্বতীয়া জাতি। কৰে মিছা ধূৰ্ত্তালি দেখুৱাই লোকক। অন্তৰত আছে কিন্তু মহন্তৰ ভাব। আছে গাত বীৰৰ লক্ষণ।