পৃষ্ঠা:মূলা-গাভৰু.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বঃ। 518 1 [√ ] নহয় যশস্তা সিটো মোৰ। কোন মই? পাতিছাঁ মোক ৰজা তোমাসবে, কৰি থেক বিশেষ মৰম। ভেবেসে মই পাইছো ৰজাৰ আসন। জয় যশ যত লভিছা সুনাম বঢ়াইছে কেৱল প্ৰজাৰ গৌৰৱ। ভৰালী মাথোন মই ইসব ধনৰ, ধন্য স্বৰ্গদেও! উদাৰ ধৰ্ম্মিষ্ঠ চিত জানে তজু সজ গুণ সকলো প্ৰজাই। মানে সবে পিতৃ গুৰু বুলি সেহি বুলি দিছে নাম “স্বৰ্গনাৰায়ণ”। (চাওবৰ গোহাঁই আসনত বহে লিখিবাৰ প্ৰবেশ) ফিঃ। (আঠু কাঢ়ি ) স্বৰ্গদেও, গাভৰু পৰ্বতৰ পৰা নগা ৰজা কৰ পঁচা শোধাবলৈ আহিছে। সিদিনাখন যে বন্দীৰে ওজৰ কৰিছিলে। সেই টটাটিঙ্গা নগ৷ লৰাটোও তেওঁৰ লগত আহিছে। তাক মতাই আনি ভালকৈ ডাবি হুকি দি সতৰ্ক কৰি নপঠালে, সি বাৰে বাৰে গাৱঁত পয়মাল কৰিবহি। স্বঃ। কোন নগা লৰা! তাৰ নে৷ ইমান সাহ নে! কি পয়মাল কৰিছিল?