পৃষ্ঠা:মূলা-গাভৰু.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

518 1 [ ২ ] চলিছে নে ৰাজ্য সুকলমে? কৰিলা নে দুৰ বিঘিনি দেশৰ— দমি মূঢ় নগাঁ, কচাৰি, ছুটীয়া জাতি, যি সবে অহিত চিন্তা কৰিছিল মোৰ। ধৰি স্বৰ্গদেৱৰ আদেশ শিৰত, প্ৰজাৰ উৎসাহ, সহায় বলত, দিহা হল যথোচিত। ভবিষ্যত যাতে নঘটে অশান্তি পুন্ন দেশত জঞ্জাল। পালে সেক৷ বিদ্ৰোহী দুষ্ট আইটনীয়া মান্তি হল দিবলৈ নিৰূপিত পঁচা। উৰাই আহোমৰ ধ্বজা লোৱা হল কাঢ়ি মহঙ্গৰ লোণ-পুং নগা ৰজাৰ পৰা। বিনা অনুমতিবে প্ৰবেশি ৰাজ্যত পালে দণ্ড উচিত ছুটীয়াৰ বজা। পলাল কচাৰি ৰজা পৰাজয় হৈ পৰিল বিস্তৰ বস্তু আমাৰ হাতত। আছিল সুযোগ্য এক ৰজাৰ কোঁৱৰ আহিলোঁ দি ৰাজ্য ভাৰ তেওঁকে গতাই। আছে সুখ শান্তি ভূগি তযু প্ৰজাচয়, গইছে যশ্যা ভযু চাৰি ফালে বই।