পৃষ্ঠা:মুক্তাৱলী.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
—মুক্তাৱলী
 

( 8 )
অমৃত আনিবাঁ তুলি বিহৰ পৰাও
বিষ্ঠাৰ পৰাও সোণ বুটলি তুলিবাঁ,
নীচৰ পৰাও ল’বাঁ ভাল জ্ঞান পালে
নাৰীৰত্ন পালে হীন বংশৰো আনিবাঁ।
( ৫ )
অমৃত শীতত অগ্নি
অমৃত অৰ্দ্ধেক ফুটা শিশুৰ ভাষণ,
অমৃত সুগুণী ভাৰ্য্যা
অমৃত পণ্ডিত যদি আপোন নন্দন।
( ৬ )
অৰ্থনাশ হোৱা আৰু মনস্তাপ পোৱা
নিজৰ ঘৰৰ কিবা কোনো দুচৰিত,
প্ৰবঞ্চনা নতু অপমান ভোগ কৰা
নজনাব মতিমানে লোকৰ গুৰিত।
( ৭ )
আচাৰত ধৰ্ম্ম ৰয়
বিদ্যা ৰয় চৰ্চ্চা তাক কৰাৰ ফলত,
সুনীতিত ৰাজ্য ৰয়
কুল ৰয় গৃহিণীৰ গুণৰ বলত।

⸺⸺