পৃষ্ঠা:মুক্তাৱলী.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মুক্তাৱলী

( ক ) বৰ্ণমালা মতে সজোৱা।

অ – আ
( ১ )
অগাধ পানীতো ৰৌৰ উম্‌ঘাম্ নাই
পুঠীয়ে অঙ্গুষ্ঠ মানো পালে চট্‌চটায়।
( ২ )
অগ্নিক জানিবা গুৰু দ্বিজাতি সৱৰ
ব্ৰাহ্মণকে গুৰু বোলে সকলো বৰ্ণৰ,
স্বামীয়েই গুৰু মাত্ৰ ৰমণী কুলৰ,
অভ্যাগত সৰ্ব্বত্ৰতে গুৰু সমস্তৰ।
( ৩ )
অনেক সংশয় ছেদে
অজ্ঞাতকো দিয়ে দৰশাই,
সবাৰো নয়ন জ্ঞান
অন্ধ সেয়ে, জ্ঞান যাৰ নাই।