পৃষ্ঠা:মুক্তাৱলী.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মুক্তাৱলী—
 

ই — ও
( ৮ )
ইন্দ্ৰিয়ৰ অসংযম আপদৰ পথ
সম্পদ ইন্দ্ৰিয় বিজয়,
এতেকতে বাছি লোৱাঁ সেই পথকেই
যি পথেদি ইষ্ট লাভ হয়।
(৯)
উৎসৱত বিপদত দুৰ্ভিক্ষ কালত
শত্ৰু-সঙ্কটত কিম্বা ৰজাৰ দ্বাৰত,
শ্মশানত নতু পোৱা যায় যি জনক,
প্ৰকৃত বান্ধৱ বোলে সিজন লোকক।
( ১০ )
ঋণ, অগ্নি আৰু ব্যাধি
বাঢ়ে পুনু থ’লে অৱশেষ,
সিহেতু গুচাব লাগে
সমূলঞ্চে কৰি তাৰ শেষ!
( ১১ )
এবাৰ অনিষ্ট কৰা মিত্ৰক যিজনে
দুনাই বিশ্বাস কৰি বন্ধু ভাব কৰে,
নিজৰ মৰণ তেওঁ নিজে মাতি আনে
খচ্চৰীয়ে গৰ্ভ ধৰি যেনেৰূপে মৰে।