পৃষ্ঠা:মুক্তাৱলী.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
—মুক্তাৱলী
 

( ১৩১ )
প্ৰাজ্ঞ জন নিয়োগিলে ৰজাই কামত
লভে ফল তিনি প্ৰকাৰৰ,
বশ লভি জগতত নিবাস স্বৰ্গত
সমাগম বিপুল ধনৰ।

⸺⸺


( ১৩২ )
সিংহৰে বগৰে পৰা একোটি একোটি
কুকুৰৰ পৰা ছয়, গাধৰ তিনিটি
বায়সৰ পাঁচ আৰু কুকুৰাৰ চাৰি
বাছি বাছি সজ গুণ শিকি ল’ব পাৰি।
( ১৩৩ )
সৰুৱেই হওক নতু হওক বৰেই
মানুহে যিহকে কৰ্ম্ম কৰিব খুজিব,
তুৰন্তে কৰিব তাক ন’থব পেলাই
এইটি সুগুণ লাগে সিংহত শিকিব।