পৃষ্ঠা:মুক্তাৱলী.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মুক্তাৱলী—
৩৭
 

( ১২৮ )
একে জুপি সুবৃক্ষই ·ফুলৰ বাসেৰে
সুবাসিত কৰি থয় সমস্ত বনকে,
বিকশিত কৰি ৰাখে নিজৰ গুণেৰে
একে সুপুত্ৰই যেনে গোটেই কুলকে।
( ১২৯ )
খোৰোঙত জুই থকা এজোপা গছেই
অগনিৰে নষ্ট কৰে সমস্ত বনকে,
কুপুত্ৰই যেনে ৰূপে নিজৰ দোষেৰে
অকলৈ ধ্বংস কৰে গোটেই কুলকে।

— — —


( ১৩০ )
যি ৰজাই কাৰ্য্যভাৰ মূৰ্খক বিলায়
ত্ৰিবিধ কুফল তেওঁ তাৰ বাবে পায়,
অপযশ অৰ্থনাশ ইহ জগতত
নৰকপুৰীত বাস মৃত্যুৰ পাচত।