পৃষ্ঠা:মুক্তাৱলী.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মুক্তাৱলী—
৩৯
 

( ১৩৪ )
দেশ কাল সুযোগৰ ছেগ বুজি চাই
পণ্ডিতে সকলো কাৰ্য্য সাধিব সদায়,
সকলো ইন্দ্ৰিয় কৰি সংযত বলেৰে
বগলীৰ দৰে থাকি একাগ্ৰ মনেবে।
( ১৩৫ )
বহু আশা কৰে অলপতে তুষ্ট হয়
কাৰ্য্যত বিক্ৰমী প্ৰভুভক্ত অতিশয়,
অলপতে নিদ্ৰা যায় অলপতে জাগে
কুকুৰৰ ছয় গুণ শিকি ল’ব লাগে।
( ১৩৬ )
অবিশ্ৰামে বয় ভাৰ
ভেদ নাই জাৰৰ জহৰ,
সদায় সন্তোষ ভাব
তিনি গুণ শিকিবাঁ গাধৰ।
( ১৩৭ )
লক্ষ্যত প্ৰখৰ দৃষ্টি কালত সঞ্চয়
কৰ্ত্তব্যত পৰিহাৰ কৰে লাজ ভয়,
অলপো এলাহ নাই, সতৰ্ক সদায়
এই পাঁচ গুণ বায়সত শিকা যায়।