পৃষ্ঠা:মুক্তাৱলী.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মুক্তাৱলী—
৩৩
 

( ১১৭ )
হলেও সুপ্ৰিয়বাদী
পতিয়ন নাই দুৰ্জ্জনত,
জিভাৰ আগত মধু
হলাহল তাৰ হৃদয়ত।
( ১১৮ )
হাতৰ ভূষণ দান
সত্য কথা কণ্ঠৰ ভূষণ,
কাণৰ ভূষণ শাস্ত্ৰ,
ভূষণৰ কিবা প্ৰয়োজন।
( ১১৯ )
হাতীৰ হাজাৰ আৰু ঘোঁৰাৰ শতেক
শিঙালৰ দহ হাত আঁতৰি সাৰিবাঁ,
দুৰ্জ্জনক পৰিহাৰ কৰাৰ কাৰণে
নিজৰ স্থানকে এৰি আঁতৰি পলাবাঁ।
( ১২০ )
হেলাত কাৰ্য্যৰ নাশ
বুদ্ধিনাশ দাৰিদ্ৰ্য দোষত,
ভিক্ষাত সন্মান নাশ
সৰ্ব্বনাশ কুক্ৰিয়া-ফলত।