পৃষ্ঠা:মুক্তাৱলী.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
—মুক্তাৱলী
 

( ১১৪ )
সুৰূপো বিনষ্ট হয় নিৰ্গুণী লোকৰ
দুঃশীলৰ নষ্ট হয় সম্মান কুলৰ,
নখটালে বিদ্যা নষ্ট হয় বিদ্বানৰ
নুভুঞ্জি সাঁচিলে ধন নষ্ট সিজনৰ।
(১১৫ )
সেয়েহে প্ৰকৃত ভাৰ্য্যা শুচি যেয়ে হয়
সুনিপুণা হয় যেয়ে কাৰ্য্যই কৰ্ম্মই,
হয় যেয়ে সতী পতিৰতা পতিব্ৰতা
যেয়ে হয় মধুৰভাষিণী প্ৰিয়ম্বদা।

⸺⸺


হ — ক্ষ
(১১৬ )
হওক সুৰূপ আৰু বয়স যৌৱন
সম্ভ্ৰান্ত কুলৰো লাগে হোক বংশধৰ,
নেপায় তথাপি শোভা বিদ্যাহীন জন
গন্ধহীন ৰঙা ফুল যেনে পলাশৰ।