পৃষ্ঠা:মুক্তাৱলী.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মুক্তাৱলী—
৩১
 

( ১১০ )
সাধুৰ দৰ্শন মাত্ৰে পুণ্য লাভ হয়
তীৰ্থতো অধিক সাধু জানিবাঁ নিশ্চয়,
তীৰ্থৰ সুফল পলমেহে পোৱা যায়
সাধু সমাগম ফল হাতে হাতে পায়।
( ১১১ )
সাধু লোক সততেই উদাৰ মনৰ
অধম জনকো দয়া কৰে,
চণ্ডালন আলয়কো কিৰণ দানত
সুধাকৰে বঞ্চিত নকৰে।
( ১১২ )
সামান্যৰো সমবায়ে
অনায়াসে বৰ বৰ ৰিপু জয় কৰে,
তৃণেই সমিল হৈ
বৰষাৰ ধাৰা ধৰা মেঘক নিবাৰে।
( ১১৩ )
সুকৰ্ম্মীৰ আয়ুসৰ মুহুৰ্ত্তই ভাল
এক কল্প কালো বেয়া নীচ জীৱনৰ,
কুকৰ্ম্মত নষ্ট কৰা ইহ পৰ কাল
সুদীৰ্ঘ জীৱনে ইষ্ট নকৰে নৰৰ।