পৃষ্ঠা:মুক্তাৱলী.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
—মুক্তাৱলী
 

( ১০৬ )
সজ্জন লোকৰ যাৰ
পৰ-উপকাৰ ভাব হিয়াত জাগেহি,
বিপদ নেথাকে তাৰ
পদে পদে ঘূৰি ঘূৰি সম্পদ মিলেহি।
( ১০৭ )
সৰ্প আৰু খল লোক ক্ৰূৰ স্বভাৱৰ
খল কিন্তু ক্ৰূৰতৰ হয় উভয়ৰ,
মন্ত্ৰ আৰু ঔষধত সৰ্পে বশ মানে
খলক কৰিব বশ পাৰে কোন জনে?
( ১০৮ )
সৰু সৰু সমলেই  একেলগ হৈ লৈ
অবাধে সাধিব পাৰে ডাঙৰ কামকো,
অতি সৰু তিৰিণেই  মুঠ বান্ধি ফয় হৈ
সুকলমে বান্ধি থয় প্ৰমত্ত হাতীকো।
( ১০৯ )
সাধুৱে বিচাৰে গুণ, দোষ মাত্ৰ বিচাবে পামৰে,
ভ্ৰমৰে বিচাৰে মধু, মক্ষিকাই ব্ৰণ বাঞ্ছা কৰে।