পৃষ্ঠা:মুক্তাৱলী.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মুক্তাৱলী—
২৯
 

( ১০২ )
শামূকে শামূকেপতি মাণিক নোলায়
হাতীয়ে হাতীয়েপতি মুকুতা নেপায়,
ঠায়েপতি পাবলৈ নাই সাধু জন
বনেপতি কদাপিতো নহয় চন্দন।
( ১০৩ )
শিষ্টতাৰে তিনি লোক জয় কৰা যায়
শিষ্টৰ অসাধ্য একো জগতত নাই।
( ১০৪ )
শূন্য হয় অপুত্ৰক জনৰ আলয়
সজ মিত্ৰ নথকাৰো শূন্য ঘৰ হয়,
মূৰ্খৰ সকলো দিশ শূন্য অতিশয়
দৰিদ্ৰতা হ’লে হয় সৰ্ব্বশূন্যময়।

⸺⸺



( ১০৫ )
সজৰ সঙ্গতি, ভক্তি বিভূৰ পদত
স্নান কৰা সুনিৰ্ম্মল গঙ্গাৰ জলত,
এই তিনি সাৰ বুলি ভাবিবাঁ মনত
অসাৰ অনিত্য এই ভৱ সংসাৰত।