পৃষ্ঠা:মুক্তাৱলী.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
—মুক্তাৱলী
 


( ৯৮ )
শত্ৰুৱেও পায় যাৰ মিত্ৰ ব্যৱহাৰ
কটুভাষী মানুহেও মধুৰ বচন,
প্ৰেমৰ ৰসেৰে দ্ৰৱা হিয়া যিজনৰ
পৃথিৱীতে স্বৰ্গবাসী বুলিবাঁ সিজন।
( ৯৯ )
শৰীৰ অনিত্য, আৰু
চিৰস্থায়ী বিভৱো নহয়,
মৃত্যু সন্নিকট জানি
কৰা ভাল ধৰ্ম্মৰ সঞ্চয়।
( ১০০ )
শৰীৰ সুগুণ দুয়ো
সমস্থায়ী নহয় কদাপি,
শৰীৰ ক্ষণতে যায়
গুণ থাকে কল্পান্ত বিয়াপি।
( ১০১ )
শান্তি তুল্য নাই তপ
সুখ নাই সন্তোষৰ মান,
তৃষ্ণা হেন ব্যাধি নাই
ধৰ্ম্ম নাই দয়াৰ সমান।