পৃষ্ঠা:মুক্তাৱলী.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মুক্তাৱলী—
২৭
 

( ৯৫ )
ৰজা নদী ধনী জন
বৈদ্য আৰু বেদজ্ঞ ব্ৰাহ্মণ,
এই পঞ্চ নাই য’ত
বাস কৰা অনুচিত ত’ত।
(৯৬)
বন্ধনশালৰ ভাৰ মাতৃৰ তুল্যক
অন্তেষৰ পিতৃতুল্য জনক গতাব,
গোশালত নিয়োগিব আত্মতুল্য জন
কৃষি কৰণৰ অৰ্থে স্বয়ং ওলাব।
( ৯৭ )
লঙ্কা ৰাজ্য নাশ হ’ল অতি দৰ্প কৰি
নিহত কৌৰৱ কুল অতি মান ধৰি,
বলী ৰজা বন্দী অতি দানৰ মূৰতে
অতিচাৰ বিগৰ্হিত সকলে৷ থলতে।

⸺⸺