পৃষ্ঠা:মুক্তাৱলী.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
—মুক্তাৱলী
 

( ৯১ )
যিৰূপে কষ্টেৰে লোকে
ভূমি খানি পানী উলিয়ায়,
সাধনা কৰিহে তেনে
গুৰুগত বিদ্যা লভা যায়।
( ৯২ )
যুগান্তত স্থান এৰে অচল মেৰুৱে
কল্পান্তত অতল সাগৰে,
অচল অটল হৈ থাকে সাধুলোকে
সত্যপথ কদাচিতো নেৰে।
( ৯৩ )
যৌৱন বয়স ধন-সম্পত্তি বিভূতি
প্ৰভুত্ব ক্ষমতা আৰু বিবেক-হীনতা,
ইসৱৰ একোটায়ে ঘটায় বিপত্তি
কিবা নঘটিব হ’লে চাৰিৰো একতা।
( ৯৪ )
ৰজনীৰ অলঙ্কাৰ চন্দ্ৰক জানিবাঁ
ৰমনীৰ পতি আপোনাৰ,
পৃথিৱীৰ অলঙ্কাৰ ৰজাক বুলিবা
বিদ্যা সকলোৰে অলঙ্কাৰ।