পৃষ্ঠা:মুক্তাৱলী.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মুক্তাৱলী—
২৩
 

( ৮১ )
ভোজনৰ শেষ আৰু শ্মশানৰ শেষ
মৈথুনৰ শেষ হ’লে যেনে মতি হয়,
তেনে মতি থাকে যদি হিয়াত সদায়
হাতৰ মুঠিত মুক্তি জানিবাঁ নিশ্চয়।
( ৮২ )
ভৃত্যক চিনিব পাৰি আজ্ঞা পালনত
বান্ধৱক পাৰি বিপদত,
মিত্ৰক চিনিব লাগে দুখৰ কালত
তিৰোতাক বিভৱ-ক্ষয়ত।

⸺⸺



( ৮৩ )
মনে এক মুখে এক
কামে এক দুৰাত্মা লোকৰ,
মনে-মুখে কামে-কাযে
একে ভাব মহাত্মা জনৰ।