পৃষ্ঠা:মুক্তাৱলী.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
—মুক্তাৱলী
 

( ৭৭ )
ভয়ৰ শতেক আৰু শোকৰ হাজাৰ
কাৰণে ধৰেহি বেঢ়ি মূৰ্খক সততে,
পণ্ডিত জনৰ নাই সেই দুৰ্ব্বিকাৰ
পণ্ডিতৰ তেনে দশা কদাপি নঘটে।
( ৭৮ )
ভানুৰো উদয় হয় পশ্চিমে যদিবা
পৰ্ব্বত-টিঙ্গতো যদি পদ্ম ফুল ফুলে,
মেৰু হয় বিচলিত অগনি শীতল
সজ্জনৰ বাক্য তেও নলৰে নচলে।
( ৭৯ )
ভাৰ্য্যা যদি দুষ্ট হয় শঠ মিত্ৰ হয়
ভৃত্যই যদিহে মুখে মুখে কথা কয়,
সৰ্পেৰে যদিবা একেঘৰে বাস লয়
মৰণ ধুৰুপ্ নাই সমূলি সংশয়।
( ৮০ )
ভাল সাজ-পাৰ পিন্ধি যদিও মূৰ্খই
দেখাত দূৰৰ পৰা শোভা পায় হয়,
তত পৰ মাত্ৰ শোভা পায় তেনে জনে
নকয় কিঞ্চিৎ কথা যত পৰ মানে।