পৃষ্ঠা:মুক্তাৱলী.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
—মুক্তাৱলী
 

( ৮৪ )
মনেৰে যি কাৰ্য্য ভাবে
নকৰিব প্ৰকাশ কথাৰে,
যি হেতু নিসিজে কাৰ্য্য
লক্ষ্য তাক কৰিলে অপৰে।
( ৮৫ )
মাতৃ বুলি ভাবে যেয়ে পৰৰ নাৰীক
পৰৰ দ্ৰব্যক কৰে মাটি হেন জ্ঞান,
আত্মা হেন ভাব কৰে সকলো প্ৰাণীক
জানিবাঁ সিজন লোক পণ্ডিত প্ৰধান।
( ৮৬ )
মান বিনাশত কৰি
মৃত্যুয়েই তেও কিছু ভাল,
মৃত্যুত ক্ষণিক দুখ
মান গ’লে দুখ চিৰকাল।
( ৮৭ )
মিত্ৰও নহয় কোনো
কাৰো কোনো শত্ৰুও নহয়,
শত্ৰু মিত্ৰ উভয়েই
ব্যৱহাৰ অনুসৰি হয়।