পৃষ্ঠা:মুক্তাৱলী.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মুক্তাৱলী—
২১
 

( ৭৪ )
বেদতো প্ৰভেদ আছে স্মৃতিতো প্ৰভেদ
বিভিন্ন নহয় মত, এনে মুনি নাই,
ধৰ্ম্মৰ নিগূঢ় তত্ত্ব নিহিত গুহাত
সেয়েই সুপথ যেনি মহাজন যায়।
( ৭৫ )
ব্ৰহ্মবিদে স্বৰ্গসুখ তৃণ জ্ঞান কৰে
বীৰ জনে জীৱনক তৃণ বুলি ধৰে,
ইন্দ্ৰিয়জয়ীৰ নাৰী তৃণৰ সমান
স্পৃহাহীনে জগতকে দেখে তৃণ মান।

⸺⸺



( ৭৬ )
ভঁৰালত শূন্য ঘট যেনে শাৰী শাৰী
কি হ’ব থাকিলে বহু পুত্ৰ মুঢ়মতি,
এজন পুত্ৰই ভাল হ’লে সদাচাৰী
যি পুত্ৰৰ পৰা হয় পিতাৰ সুখ্যাতি।